Feb 27, 2019

১০টা ভাল উপদেশ, আপোনাৰ দৈনন্দিন জীৱনত কামত লাগিব। পৰ্ব-১


১০টা ভাল উপদেশ

১ তুমি এনেকুৱা জীৱন গঢ়ি তুলা যে তোমাৰ মৃত্যুৰ সময়ত হাহিঁবা তুমি, কান্ধিব গোটেই জগতে ।

২.তোমাৰ অলপ অভিমানৰ বাবে যদি কাৰোবাৰ চকু পানী ওলায় ভাবি লবা তেওঁ তোমাক নিজতকৈ বেছি ভাল পায়।

৩. কাৰোবাৰ সুন্দৰ চেহেৰা দেখি মুগ্ধ নহ'বা কাৰণ তেওঁৰ চৰিত্ৰই যদি বেয়া থাকে ।সুন্দৰ চেহেৰাৰ মূল্যই বা কি?

৪. যদি তুমি জীৱনত বাৰে বাৰে কষ্ট পোৱা, তুমি হতাশ নহ'বা। কাৰণ মনত ৰাখিবা এটা কথা, যি গছৰ ফল মিঠা বা সোৱাদ লগা হয় সেই গছ জোপাত শিল গুটি বেছিকৈ দলিয়াই !

৫. কোনোবাই যদি আপোনাৰ অতীত পাহৰাই দিব পাৰে তেনেহলে ভাবি লব তেওঁ আপোনাৰ জীৱনৰ সাৰথি ।

৬. জীৱনত আটাইতকৈ বেছি দুজন মানুহক বেছি ভাল পাব লাগে ।যিয়ে আমাক জন্ম দিছে মা - দেউতা ।

৭. যিজন ব্যাক্তিয়ে তোমাক আনৰ কথা কয়, সেইজন ব্যক্তিৰ পৰা আতৰত থাকিব লাগে কি বিশ্বাস আছে তেওঁ যে তোমাৰ কথা আনক নক'ব ।

৮. আপোনাৰ প্ৰিয় মানুহ জনীয়ে আপোনাক যি কোনো কথাতে খং কৰিব পাৰে। কিন্তু তেওঁক বুজোৱা তো আপোনাৰ দায়িত্ব।

৯. পৃথিৱী খন বহুত সুন্দৰ। সকলো মানুহকে ভাল লাগিব পাৰে ।তাৰ মানে এয়ে নহয় যে সকলোকে প্ৰেম কৰিম, ভাল লগা মানুহ বহুজন হ'ব পাৰে কিন্তু প্ৰিয় মানুহ কেৱল ১জন হে হয় ।

১০. তুমি দেখিবলৈ বহুত ধুনীয়া সেইবুলি তুমি আনক ঘৃণা নকৰিবা ।কাৰণ তুমি যাৰ সৃষ্টি তেখেতো তেওঁৰে সৃষ্টি । কেতিয়াও নিজৰ সৌন্দৰ্য্যক লৈ অহংকাৰ কৰিব নাপায়।

শেয়ার করুন

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: