Feb 27, 2019

ভাল পাওঁ বুলিয়েই যে শাৰীৰিক সম্পৰ্ক কৰিব লাগিব, এনে নহয়।


• প্ৰেম কৰিলো বুলিয়েই যে, অশ্লীল কথা পাতিব লাগিব, এনে কোনো কথা নাই !!!..

গাৰ্লফ্ৰেণ্ডৰ শৰীৰৰ স্পৰ্শকাতৰ অংগসমূহ মৰ্দন কৰাই প্ৰেম নহয়!.হোটেলৰ বন্ধ কোঠাত গৈ যৌনসম্ভোগ কৰাতো, কেতিয়াও প্ৰেমৰ শাৰীত নপৰে !!!.

• এজনি ছোৱালীয়ে আপোনাক অতিপাত ভাল পায় !! তাই আপোনাৰ যথেষ্ঠ পৰিমাণে কেয়াৰ লয় । আপোনাৰ প্ৰতি তাইৰ অনেক দুৰ্বলতা আছে !! সেইবুলিয়েই তাই আপোনাৰ ব্যক্তিগত সম্পত্তি হৈ নপৰে ।

• ভালপালে বুলিয়েই এনে কোনো যুক্তি নাই যে, সদায়েই তাই আপোনাৰ সৈতে ডেটিংঙত যাব অথবা আপোনাৰ ইচ্ছামতেই তাই সমস্ত উজাৰি দিব !!

• ভালপালে বুলিয়েই মন গ'লেই কিচ কৰিব লাগিব অথবা এনে কোনো যুক্তিও নাই যে , ঘণ্টাৰ পিছত ঘণ্টা ধৰি মাজনিশালৈকে তাই আপোনাৰ লগত কথা পাতিব লাগিব !!!.

• ভালপোৱাৰ নাম লৈয়ে আপুনি তাইৰ দেহৰ মালিক হৈ নপৰে । ই কেতিয়াও ভালপোৱা হ'ব নোৱাৰে , য'ত নেকি ব্ৰেকআপৰ ধমকি দি শাৰিৰীক সম্পৰ্ক স্হাপন কৰিবলৈ চেষ্টা চলোৱা হয় !!

• এটা ল'ৰাই হৃদয় উজাৰি আপোনাক ভাল পায় !! আপোনাৰ অবিহনেতাৰ জীৱন অৰ্থহীণ !!.আপোনাক বাদ দি সি আন কোনো কথায়েই ভাবিব নোৱাৰে । আনহে নেলাগে , আপুনি নোখোৱালৈকে সিও নোখোৱাকৈয়ে থাকে !!!সেইবুলিয়েই , সি আপোনাৰ ব্যক্তিগত সম্পত্তি হৈ নপৰে অথবা সি আপোনাৰ হাতৰ পুতলাও নহয় যে , যি মন যায় আপুনি তাকেই কৰিব !!

• ভালপালে বুলিয়েই ভালপোৱা মানুহজনৰ কোনো ভাল বান্ধৱীক লৈ কাজিয়া কৰিব আৰু ব্ৰেক-আপৰ ভাবুকিও দিব । সেইকথাৰও কোনো যুক্তি নাই। কাৰণ , সেই বান্ধৱীজনিক সি নিজৰ ভণীৰ দৰেহে ভাবিব পাৰে !!

প্ৰত্যেক মানুহৰে এখন ব্যক্তিগত পৃথিৱী আছে । য'ত নেকি তেওঁৰ আপোনজন থাকিবই !! এই কথা সকলোৱেই ভবা উচিৎ !!,প্ৰেম স্বৰ্গীয় !!! ইয়াক কেতিয়াও নৰকীয় নকৰিব !!কাৰণ , প্ৰেম আছে বাবেই ধৰণীখন সুন্দৰ হৈ আছে ,অন্যথা এই ধৰণী মৰুময় হৈ পৰিব !!!.আগুৱাই যাওক পৃথিৱীৰ সমস্ত পবিত্ৰ ভালপোৱা……!!

শেয়ার করুন

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: