Feb 23, 2019

এটা অসাধাৰণ প্ৰেমি-কাহিনী- এয়াই হয়তো প্ৰকৃত ভালপোৱা!!

এটা অসাধাৰণ প্ৰেমি-কাহিনী- এয়াই হয়তো প্ৰকৃত ভালপোৱা !!

ছোৱালীজনী অষ্টম শ্ৰেণীত আৰু ল'ৰাজন দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে!দুবছৰতে দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পৰ্ক গঢ়ি উঠে! 

যেতিয়া ছোৱালীজনী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয় তেতিয়া ছোৱালীজনীৰ মাক-দেউতাকে বিয়া দিয়াৰ সিধান্ত লয়! যেতিয়া ছোৱালীজনীয়ে মাক-দেউতাকে পতা কথাবোৰ গম পাই! তেতিয়া ল'ৰাটোক কয়! এতিয়া কি কৰা কৰা তুমি? মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ! ল'ৰাটোৱেওঁ ছোৱালীজনীক সচাঁ অন্তৰেৰে ভাল পাইছিল! 

এতিয়া লৰাটোৱে কি কৰিব? লৰাটোৰ ও এজন ডাঙৰ ককায়েক আছে! সিওঁ বিয়া পতা নাই! এতিয়া লৰাটোৱে ঘৰত বিয়াৰ প্ৰস্তাব দিয়ে কেনেকৈ? মাক দেউতাক কব কেনেকৈ? বহুত বিমোৰত পৰিছিল ল'ৰাজন! লৰাটোৰ নিজৰ মান-সন্মানৰ কথা নাভাবি মাক দেউতাকক কান্দি কাতি কাকুতি -মিনতি কৰি ক'লে! ছোৱালীজনীওঁ মোক বহুত ভাল পায় আৰু মইওঁ তাইক বহুত ভাল পাওঁ! আপোনালোকে যদি মান্তি নহয় তেতিয়া হ'লে আমি দুয়োজনে একেলগে আত্মহত্যা কৰিম! কথাবোৰ শুনি ল'ৰাজনৰ মাক-দেউতাক মান্তি হ'ল! 

পিছত ল'ৰাটোৰ দেউতাকে গাঁৱৰ মানুহকেইজন মান লৈ বিয়াৰ প্ৰস্তাব দিবলৈ বুলি ছোৱালীজনীৰ ঘৰলৈ যায়! কিন্তু ছোৱালীজনীৰ দেউতাক কোনোপধ্যে মান্তি নহল! আৰু কয় যে যদি দ্বিতীয়বাৰ এইটো প্ৰস্তাৱ লৈ আপোনালোকে ইয়ালৈ আহে তেন্তে মই আইনি ব্যৱস্থা লম! সকলোৰে সন্মূখত ল'ৰাটোৰ মাক-দেউতাকক ছোৱালীজনীৰ দেউতাকে বৰ বেয়াকৈ অপমান কৰে! আৰু কেইদিনমানৰ পিছত ছোৱালীজনীক সামাজিকভাৱে চহৰৰ এজন ল'ৰাৰ লগত বিয়া দিয়ে ! 

বৰ ধুনীয়াকৈ সিহঁতৰ সংসাৰ খন চলি আছিল! ছোৱালীজনীৰ বিয়াৰ তিনিমাহৰ পিছত গিৰিয়েকৰ চুটি শেষ হয় আৰু কৰ্মসূত্ৰে চহৰলৈ যাব লগা হয়! তেতিয়া ছোৱালীজনী দুমাহ ১৫ দিনৰ গৰ্ভৱতী আছিল চহৰলৈ যোৱা ১৫ দিনৰ পিছত এটা পথ দূৰ্ঘটনাত গিৰিয়েকৰ মৃত্যু হয়! আৰু সেই সময়ত ছোৱালীজনী মানসিকভাৱে বৰ বেয়াকৈ ভাঙি পৰে! 

স্বামী ঢুকুৱাৰ ৪৫ দিনৰ পিছত ছোৱালীজনীয়ে এদিন প্ৰথমে ভালপোৱা লৰাজনক লগ পালে! আৰু ছোৱালীজনীয়ে কান্দি কান্দি লৰাজনক সকলো কথা খুলি কৰে! ছোৱালীজনীৰ কথাবোৰ শুনি ল'ৰাজনৰ দুগালেৰে চকুলো বাগৰি আহিল! 
ছোৱালীজনীয়ে লৰাজনৰ মুখলৈ চাই কলে তুমি কি এতিয়াওঁ মোকে ভাল পোৱা নে? মই এতিয়া পাঁচ মাহৰ গৰ্ভৱতী! 

লৰাজনে অলপ সময় মনে মনে থাকি কলে তুমি এটা কি দহটা সন্তানৰ মাতৃ হ'লেও মই তোমাকে ভাল পাওঁ আৰু নিজৰ কৰিম! কাৰণ তোমাক মই সচাঁ অন্তৰেৰে ভাল পাইছিলোঁ! হয়‌টো ইয়াকে কয় প্ৰকৃত আৰু পবিত্ৰ অন্তৰেৰে ভালপোৱা! 

গল্পটো ধৈয্য সহকাৰে পঢ়াৰ বাবে ধন্যবাদ! গল্পটো পঢ়ি কেনেকুৱা লাগিল জনাব বুলি আশা কৰিলো! যদি কৰবাত ভুল হৈছে শব্দবোৰ আঙুলিয়াই দিব! আপোনালোকৰ মতামত বোৰ পালে গল্পবোৰ লিখাত উৎসাহ বাৰে!!!! ধন্যবাদ

শেয়ার করুন

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: