Mar 2, 2019

সচা ভালপোৱা- প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্টিক বাৰ্তালাপ ।


সঁচা ভালপোৱা

ছোৱালী এজনীয়ে ২০ টা মান মিচকল দিয়াৰ পিছত ল'ৰাটোৱে  Call Back  নকৰা দেখি , তালৈ Direct Call কৰিলে । 

ল'ৰা = হেল্ল' 

ছৱালী = তুমি ইমান কনজোছ নে ? ইমান মিচকল দিছো , তথাপিও তুমি ফোন এটা নকৰিলা !! 

ল'ৰা = মোবাইলত বেলেঞ্চ নাই । 

ছোৱালী = আৰে ! লোণ লৈওতো কল এটা কৰিব পাৰিলা হয় !

ল'ৰা = লোণ লোৱাই আছে । বেলেঞ্চ মাইনেচত হে আছে । 

ছোৱালী = ৰাতিপুৱাৰ পৰা কি কৰি আছিলা ? ইমান ফোন কৰাৰ পিছটো এই ভৰ দুপৰীয়া হে ৰিচিব কৰিছা যে !

ল'ৰা = শুই আছিলো । 

ছোৱালী = এতিয়ালৈকে শুই আছা যে ? ইমান আৰাম কৰিব লাগে নে ?

ল'ৰা = আৰাম নহয় । এইটো হ'ল মনিবেগ খালি থকাৰ প্ৰতিক্ৰিয়া ।

ছোৱালী = মানে ?? 

ল'ৰা = মানে টোপনিত থাকিলে ভোক নালাগে !

ছোৱালী = তাৰ মানে তোমাৰ ওচৰত দুপৰীয়াৰ সাজটো খাবলৈও পইচা নাই । 

ল'ৰা = নাই ! যেনে তেনে লগৰ এটাৰ পৰা ২০ টকা মেনেজ কৰিলো আৰু । 

ছোৱালী = ২০ টকাত নো কি খাবলৈ পালা ? 

ল'ৰা = চাহ একাপ আৰু ১০ টকীয়া ব্ৰেড এটা খালো । পাঁচ টকা এটা জেপতথৈ দিছো ! 

ছোৱালী = এইগিটা খায়েই তোমাৰ পেট ভৰিলে নে ? 

ল'ৰা = অ' ! 

ছোৱালী = এতিয়া কি খাবা ? 

ল'ৰা = খালো । 

ছোৱালী = ক'ত ? 

ল'ৰা = হলত । চিনেমা চাই চাই খালো । 

ছোৱালী = কি চিনেমা ? 

ল'ৰা = ভোকাতুৰ মানৱ । 

ছোৱালী = হা হা হা ! 

ল'ৰা = হাঁহিছা কিয় ? 

ছোৱালী = বাৰু বাদ দিয়া এইবোৰ । হেল্প এটা কৰিব পাৰিবা নেকি ? 

ল'ৰা = কোৱা । 

ছোৱালী = তোমাৰ একাউণ্টত পইচা অলপ ভৰায় দিম । তুমি ওলিয়াই পেলাই মানুহ এজনক দিব পাৰিবা নে ? 

ল'ৰা = থিক আছে ।

বেঙ্কৰ পৰা টকা উলিওৱাৰ পিছত ল'ৰাটোৱে ছোৱালী জনিক ফোন কৰি সুধিলেঃ

ল'ৰা= হেল্লো', টকা ওলিয়ালো । কাক দিব লাগে কোৱা ? 

ছোৱালী = ভাল হোটেল এখনত গৈ ভালদৰে এসাজ খাই লোৱা ! বাকিখিনি পইচা ভালদৰে জেপত থৈ দিয়া । 

ল'ৰা = তাৰ পিছত ? 

ছোৱালী = তাৰ পিছত হলত গৈ চিনেমা এখন চোৱাগৈ । 

ল'ৰা = তাৰ পিছত ? 

ছোৱালী = গোটেই চিনেমাখন চোৱাৰ পিছত মোবাইলত ৰিচাৰ্জ কৰিবা। 
ল'ৰা = তাৰ পিচত !

ছোৱালী= তাৰ পিছত মোলৈ ফোন কৰি চিনেমাখনৰ কাহিনীটো কবা ।। 


এয়াই হয়তো প্ৰকৃত ভালপোৱা


শেয়ার করুন

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: